নগাঁৱত শিশু বিক্ৰী কৰাৰ ভয়ংকৰ ঘটনা। অধিবক্তা, নটাৰীৰ বিৰুদ্ধে শিশু বিক্ৰীৰ অভিযোগ। অধিবক্তাগৰাকীৰ নাম হৈছে ৰ’জী হুছেইন আৰু নটাৰীগৰাকীৰ নাম হৈছে জুৰি বুঢ়াগোহাঁই। এগৰাকী মহিলাৰ ৪ মহীয়া কন্যাক ক্ৰয় । ৰাছেল আলীৰ জৰিয়তে ক্ৰয় কৰা হৈছিল শিশুটিক। ১৫ হাজাৰ টকাত ক্ৰয় ৪ মহীয়া শিশুটি । শিশুটিৰ পিতৃ কেৰালাত কৰ্মৰত। সন্তানসহ মাতৃ বাস কৰিছিল নগাঁৱত। নগাঁৱৰ DCPOই থানাত দাখিল কৰে এজাহাৰ।
