ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ খেতি পথাৰৰ মৰাপাট খেতিত “ছিটিকা” নামৰ মাৰাত্মক পোকে উপদ্ৰপ কৰাত কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ইয়াকে লৈ বহু কৃষকে এতিয়া মুৰে-কপালে হাত দিব লগা হৈছে। বিশেষকৈ জিলাখনৰ ধিং অঞ্চলৰ কেইবাখন গাঁৱৰ কৃষকৰ সন্মুখত এই পোকে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। ধিঙৰ সোণশিৰি, শ’লগুৰি, বিলতীয়া, খৰিয়ামাৰী আদি গাঁও সমূহৰ মৰাপাটৰ খেতিত ছিটিকা পোকে বিস্তৰ ক্ষতি সাধন কৰিছে।
মৰাপাটৰ পুলি বোৰ ডাঙৰ হৈ অহাৰ লগে লগে জাক জাক ছিটিকা পোকে মৰাপাটৰ কুমলীয়া পাতবোৰ খাই নষ্ট কৰা পৰিলক্ষিত হৈছে। পুলি অৱস্থাত মৰাপাটৰ পাট খালে মৰাপাটৰ উৎপাদন ব্যাহত হৈ পৰাৰ ফলত কৃষকৰ শ্ৰম অথলে যায়। বিশেষকৈ নগাঁও জিলাত মৰাপাট খেতিৰ বাবে এক বিশেষ স্থান আছে৷
চলিত বৰ্ষত নগাওঁ জিলাৰ ১৪৭খন গাঁৱৰ প্ৰায় ৮৪৬৭ হেক্টৰ মাটিত মৰাপাট খেতি কৰা হৈছে বুলি জিলা কৃষি বিষয়া তৰুণ হাজৰিকাই জানিবলৈ দিছে৷ ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা যোজনাৰ অধীনত প্ৰদৰ্শন মূলক আঁচনিও আছে৷ শেহতীয়া ভাৱে এই মৰাপাটৰ খেতিত ছিটিকা পোকে উপদ্ৰৱ সৃষ্টি কৰাত খেতিয়কৰ লগতে জিলা কৃষি বিভাগ চিন্তিত হৈ পৰিছে।
নগাঁও জিলাখনৰ কিছু অঞ্চলৰ পৰা ছিটিকা পোকৰ উপদ্ৰপৰ খবৰ পোৱাৰ লগে লগে জিলা কৃষি বিষয়া তৰুণ হাজৰিকাই মহকুমা কৃষি বিষয়া ৰঞ্জন প্ৰসাদ ডেকা, প্ৰেমেশ্বৰ নাথ আৰু কৃষি উন্নয়ন বিষয়া মনোজ বৈশ্যক ধিঙৰ সমীপৱৰ্তী খৰিয়ামাৰী,শ’লগুৰি, বিলতীয়া, সোণশিৰি ইত্যাদি গাঁৱৰ পথাৰ পৰিদৰ্শন কৰাৰ লগতে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। ইয়াৰ পিছতেই তাৎক্ষণিকভাৱে কৃষি বিষয়াৰ দলটোৱে আজি উক্ত গাঁৱৰ পথাৰবোৰ পৰিভ্ৰমণ কৰি কৃষকৰ মাজত এই পোকবিধৰ নিয়ন্ত্ৰণৰ বাবে সজাগতা আনে৷
আনহাতে জিলা কৃষি বিভাগৰ পৰা বিনামূলীয়াকৈ “কুইনলফচ” নামৰ এবিধ কীটনাশক দৰৱ কৃষকৰ মাজত বিতৰণ কৰি পোক নিবাৰণৰ ব্যৱস্থা কৰা হয়৷ জিলা কৃষি বিষয়াজনে আৰু জানিবলৈ দি কয় যে বিগত ২০১৪ চনত এই ছিটিকা পোকবিধে জিলাখনত এক সংহাৰী ৰূপত মৰাপাটৰ শস্য পথাৰ এফালৰ পৰা খাই তহিলং কৰাত কৃষকৰ বিস্তৰ ক্ষতিসাধন হৈছিল৷ কেৱল মৰাপাট খেতিয়েই নহয় আন শস্যবোৰো এফালৰ পৰা খাই এই অপকাৰী পোকটোৱে যথেষ্ট ক্ষতি কৰিছিল৷ সেয়েহে কৃষক ৰাইজক নিজৰ পথাৰডৰা সঘনাই পৰ্যবেক্ষণ কৰি ছিটিকা পোকৰ আক্ৰমণ দেখা মাত্ৰকে কীটনাশক দৰৱ প্ৰয়োগ কৰাৰ লগতে আন সু সংহত ব্যৱস্থাবোৰ হাতত ল’বৰ বাবে জিলা বিষয়াজনে কৃষকসকলক আহ্বান জনায়।
