নগাঁৱত ভুৱা ড্ৰাইভিং লাইচেন্স নিৰ্মাণৰ অভিযোগত গ্ৰেপ্তাৰ এজন

96

নগাঁও আৰক্ষীয়ে অভিযান চলাই বুধবাৰে এজন ভুৱা লাইচেন্স বনোৱা লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে সদৰী কৰা মতে, অশ্ৰাফুল ৰহমান নামৰ লোকজনে তেওঁৰ ডেস্কটপ প্ৰকাশন নামৰ ডিটিপি কেন্দ্ৰটোৰ পৰা ভুৱা ড্ৰাইভিং লাইচেন্স নিৰ্মাণৰ এই ৰেকেট চলাই গৈছিল।

ইফালে এই ৰেকেটৰ জৰিয়তে ভুৱা ড্ৰাইভিং লাইচেন্স বনোৱা সকলোকে আগবাঢ়ি আহি আৰক্ষীৰ হাতত ভুৱা লাইচেন্সসমূহ জমা দিবলৈ আহ্বান জনাইছে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই। অন্যথা তেনে লোকৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হবলৈ বাধ্য হব বুলিও টুইটযোগে সকীয়নী দিয়ে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে।