অসম আৰক্ষীয়ে শুকুৰবাৰে নগাঁও জিলাত ২৯.৩১ লাখ টকাৰ ভুৱা ভাৰতীয় মুদ্ৰাৰ নোট (FICN) জব্দ কৰি এজন ব্যক্তিক আটক কৰে।
আৰক্ষীৰ তথ্য অনুসৰি শুকুৰবাৰে নিশা ৰূপহীহাট থানাৰ এটা দলে ৰূপহীহাট কালিস্থান এলেকাত এক গোপন সূত্ৰৰ পম খেদি অভিযান চলায়।
‘তালাচীৰ সময়ত আমি ব্যক্তিজনৰ পৰা এটা বেগ উদ্ধাৰ কৰাৰ লগতে বেগটোত ২৯.৩১ লাখ টকাৰ ভুৱা ভাৰতীয় মুদ্ৰাৰ নোট (FICN) উদ্ধাৰ কৰো।’
অধিক অনুসন্ধানত এফআইচিএনৰ এটা ছপা মেচিনো ঘৰৰ পৰা উদ্ধাৰ কৰা হয়।’- ৰূপহীহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিত কুমাৰ ৰায়ে কয়।
ধৃত ৰকিবুল ইছলাম নামৰ ব্যক্তিজন লাওখোৱা অঞ্চলৰ ২ নং বৰঘুলিৰ নিৱাসী।
ইফালে, ৰূপহীহাট থানাত গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
