নগাঁৱত জুবিন গাৰ্গ- “মিউজিক কেৱল ষ্টুডিঅ’ৰ বাবেহে,গাড়ীৰ হৰ্ণৰ বাবে নহয়”

92

ঋতু পৰ্ণ শৰ্মা,নগাঁও : “মিউজিক কেৱল ষ্টুডিঅ’ৰ বাবেহে । গাড়ীৰ হৰ্ণৰ সলনি মিউজিক লগোৱাটো এক অদ্ভুত কথা । যদি মিউজিক গাড়ীৰ হৰ্ণত বাজে আমি কি লগাম। যিজনে এই কথা কৈছে তেওঁ নিজেই নিজৰ গাড়ীত সেই হৰ্ণ লগাওক ।”- মঙলবাৰে নগাঁও চহৰৰ ফৌজদাৰীপট্টিত ৰাজ্যৰ এক আগশাৰীৰ দুগ্ধ বিক্ৰেতা “সীতাজখলা”ৰ এখন বিপণী মুকলি কৰি এইদৰে কয় যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে ।

নগাঁৱত এটি ভাল ছবিঘৰ নিৰ্মাণৰ বাবেও শিল্পীগৰাকীয়ে স্থানীয় বিধায়ক তথা তেওঁৰ বন্ধু ৰূপক শৰ্মাৰ সৈতে পৰিকল্পনাৰ কৰিছে বুলিও সংবাদ মাধ্যমক জনায় । শিল্পীগৰাকীয়ে লগতে অসমৰ নৱ প্ৰজন্মক কৃষি ক্ষেত্ৰত জড়িত হ’বলৈ আহ্বান জনায় । ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰত জুবিন গাৰ্গে কয় যে চৰকাৰখনৰ মতে চলক ।অলপ ধৈৰ্য ধৰক । নবেম্বৰৰ পৰা ভাল দিন আহিব ।

অনুষ্ঠানত উপস্থিত থাকি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে বিগত সময়ছোৱাত দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত অসমত এক নতুন বিপ্লৱৰ সূচনা কৰা সীতাজখলা সমবায়খনক শিল্পী জুবিন গাৰ্গে উৎসাহ যোগাই আহিছে । অসমৰ যুৱ প্ৰজন্মক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মোৰ বন্ধু তথা জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ এই প্ৰচেষ্টা সঁচাই আদৰণীয় ।