নগাঁৱত ছাত্ৰনেতাৰ ওপৰত আৰক্ষীৰ গুলিচালনা, তীব্ৰ প্ৰতিবাদ

67

নগাঁৱৰ কচলোখোৱাত আৰক্ষীৰ গুলীত আহত হোৱা কীৰ্তিকমল বৰাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। ছাত্ৰ নেতাজনৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰিছে।

ইফালে এই গুলিচালনাৰ ঘটনাক লৈ নগাঁৱত অব্যাহত আছে প্ৰতিক্ৰিয়া। দেওবাৰে AJYCP ৰ নেতৃত্বত ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবীত সাব্যস্ত হয় প্ৰতিবাদ।

কীৰ্তি কমল বৰাৰ ওপৰত গুলিচালনা কৰা এছ আই প্ৰদীপ বণিয়াক গ্ৰেপ্তাৰৰ দাবী জনাইছে প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদকাৰীয়ে এছপি আনন্দ মিশ্ৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে।

আনহাতে, এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিব বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। দেওবাৰে তেওঁ গুৱাহাটীৰ পৰা নগাঁৱত উপস্থিত হয়।