নগাঁৱত ক’ভিড নিয়ন্ত্ৰণ কক্ষ স্থাপন, টেলিমেডিচিন সেৱা মুকলি

80

ঋতু পৰ্ণ শৰ্মা, নগাঁও: অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত তথা সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি নগাঁও জিলাত এটি “জিলা ক’ভিড নিয়ন্ত্ৰণ কক্ষ” গঠন কৰা হৈছে । নিয়ন্ত্ৰণ কক্ষৰ ফোন নম্বৰ ০৩৬৭২২৩৬৮২৭ আৰু ৱেবচাইট হৈছে nagaon.gov.in ।

জিলাখনৰ সকলো ক’ভিড-১৯ সম্পৰ্কীয় বিষয় নিৰীক্ষণৰ বাবে নিম্নলিখিত বিষয়াসকলৰ দ্বাৰা নিয়ন্ত্ৰণ কক্ষটি সংগঠিত কৰা হৈছে । নিৰীক্ষণকাৰী বিষয়াসকল হৈছে– নগাঁৱৰ এছ ডি অ’ (সদৰ) অজিত কলিতা (৯৭০৬৬৯০১৬৯), সহকাৰী আয়ুক্ত পূজা দাস (৮৪৭২০০৪১৭৭), জলসিঞ্চন বিভাগৰ নগাঁও ডিভিজনৰ এ এ ই নীলম বৰা (৭০০২৫৩৩১২৯) আৰু নগাঁৱৰ ডি আৰ চি এছৰ পৰিদৰ্শক ৰূপ ৰঞ্জন দাস (৭০০২৩৪৮৬৩২) ।

নাগৰিকসকলে নগাঁও জিলা প্ৰশাসনৰ ৱেবছাইট nagaon.gov.in ৰ পৰা গৃহ আছুতীয়াকৰণৰ বাবে স্ব-প্ৰতিশ্ৰুতি প্ৰ-পত্ৰ ডাউনল’ড বা সংগ্ৰহ কৰিব পাৰিব । পূৰণ কৰা প্ৰ-পত্ৰখন ddmanagaon@gmail.com মেইল কৰিব পাৰিব ।

ইপিনে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিবে নিৰ্দেশনা অনুসৰি নগাঁও জিলাৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য খণ্ডৰ টেলিমেডিচিন সেৱা আৰম্ভ কৰিছে । জিলাখনৰ সকলো ক’ভিড-১৯ সম্পৰ্কীয় টেলিমেডিচিন সেৱাৰ বাবে নগৰ, বুঢ়াগোহাঁই থান, ধিং, দগাঁও, শিঙিমাৰী, চিমনাবস্তি, কঠিয়াতলী, বাৰপূজীয়া, চামগুৰি আৰু জখলাবন্ধা ব্লকৰ যোগাযোগ কৰিব পাৰিব জনসাধাৰণে ।

জনসাধাৰণে যোগাযোগ কৰিব বিচৰা নম্বৰকেইটা হৈছে–নগাঁও ব্লকৰ ডা° গীতা বৰদলৈ (৮১৩৪৯৬৬৫৮৪), বুঢ়াগোহাঁই থান ব্লকৰ ডা° উৎপল হাজৰিকা (৭০০২৩৯১৬৩৮), ধিং ব্লকৰ ডা° দীগেন চন্দ্ৰ ৰয় (৯৪৩৫৩৯৮১৫৯), দগাঁও ব্লকৰ ডা° জয়নাল আবদিন ফাৰুকী (৯৪০১৩২০৫২৭), শিঙিমাৰী ব্লকৰ ডা° তপন শইকীয়া (৯৪৩৫০৬০৫৬৯), চিমনাবস্তি ব্লকৰ ডা° পঞ্চম বৰা (৯৮৬৪২৪০৬৭৩), কঠিয়াতলী ব্লকৰ ডা° ৰমেন বেজবৰুৱা (৮৮২২৩৭৯৮৫১), বাৰপূজীয়া ব্লকৰ ডা° লক্ষীধৰ দাস (৯৪৩৫৫০৬৯৪৪), চামগুৰি ব্লকৰ ডা° ইমৰাণ হুছেইন (৭০০২৭৮৩৬৫৭) আৰু জখলাবন্ধা ব্লকৰ ডা° হেমন্ত কুমাৰ শইকীয়া (৯৮৬৪২৪৪২৪৫) ।