আৰক্ষী পিতৃৰ চাৰ্ভিফ পিষ্টলেৰে খেলি থকা সময়তে গুলিবিদ্ধ হল এটি ৪ বছৰীয়া কণমানি শিশু। এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ উলুৱানী আৰক্ষী চৌকিৰ অন্তৰ্গত কালিয়াবৰত।
উলুৱানী আৰক্ষী চৌকিৰ সহকাৰী উপ-পৰিদৰ্শক তিলক বৰদলৈৰ ৪ বছৰীয়া পুত্ৰ মনোজ তেওঁলোকৰ চৰকাৰী আৰক্ষী আবাসত সোমবাৰে দেউতাকৰ চাৰ্ভিচ পিষ্টলৰ সৈতে খেলি থকা অৱস্থাত দুৰ্ঘটনাক্ৰমে গুলি লাগি আহত হয়।
মূৰত আঘাত প্ৰাপ্ত মনোজ বৰ্তমান তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে।
এজন দায়িত্বশীল আৰক্ষী উপ-পৰিদৰ্শকৰ চাৰ্ভিচ পিষ্টলৰ গুলীয়ে নিজৰ সন্তানক কেনেকৈ আঘাত কৰিব পাৰে সেয়া অনুসন্ধানৰ পিছতহে পোহৰলৈ আহিব। আনহাতে আৰক্ষী বিষয়াজনৰ বাসগৃহত বৰ্তমান কোনো নথকাৰ বাবে তদন্ত প্ৰক্ৰিয়া এতিয়াও আগবঢ়া নাই বুলি জানিব পৰা গৈছে।
উলুৱানী আৰক্ষী চৌকিৰ ভাৰপ্ৰাপ্ত বিষয়া নৱ কুমাৰ দাসে জানিবলৈ দিয়ে যে উচ্চ পৰ্যায়ৰ কৰ্তৃপক্ষই দণ্ডাধীশৰ সৈতে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিব।
