ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নগাঁও আৰক্ষীয়ে বিভিন্ন অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে জিলাখনত দ্ৰুত অভিযান অব্যাহত ৰাখিছে৷ জিলাখনত নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়, চুৰি ডকাইতি, বিভিন্ন চোৰাং ব্যৱসায় আৰু আই পি এল জুৱা আদি অপৰাধজনিত ঘটনা সংঘটিত হৈ আছে৷ নগাঁও আৰক্ষীয়ে জিলাখনক “অপৰাধ মুক্ত” জিলা হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান অব্যাহত ৰাখিছে৷
এই অভিযানৰ অংশ স্বৰূপে দেওবাৰে নিশা আৰক্ষীয়ে আই পি এল জুৱাৰ বিৰুদ্ধে অভিযান চলায়৷ নগাঁও চহৰৰ গাতে লাগি থকা আজাদ নগৰত সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে অভিযান চলাই এটা জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ অৱশ্যে আন কেইটামান আই পি এল জুৱাৰী পলাই যাবলৈ সক্ষম হয়৷
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আই পি এল জুৱাৰীটো হ’ল আজাদ নগৰৰ আফজাৰুল ৰহমান। আৰক্ষীয়ে আফজাৰুলৰ ঘৰৰ পৰা এটা টিভি, চাৰিটা ম’বাইল ফোন, আই পি এল জুৱাত ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী আৰু নগদ প্ৰায় ১৯ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয়৷
উল্লেখযোগ্য যে আজাদ নগৰত আই পি এল আৰম্ভ হোৱা দিন ধৰি আই পি এল জুৱাৰ এক বৃহৎ আড্ডা চলি আছিল৷ গোপন সূত্ৰৰ পম খেদি নিশা নগাঁও আৰক্ষীয়ে অভিযান চলাই এই সফলতা লাভ কৰিবলৈ সক্ষম হয়৷ কেইদিন মানৰ পূৰ্বে নগাঁও আৰক্ষীয়ে নগাঁও চহৰৰ হয়বৰগাঁৱত এক বৃহৎ জুৱাৰী চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছিল৷
