ঋতু পৰ্ণ শৰ্মা, নগাঁওঃ নগাঁও জিলাৰ সকলো কৃষকে যাতে ৰাজসাহায্যযুক্ত সাৰ ক্ৰয় কৰি কৃষি উৎপাদন বৃদ্ধি কৰাৰ লগতে তেখেতসকল আৰ্থিকভাৱে উপকৃত হ’ব পাৰে সেই উদ্দেশ্য আগত ৰাখি জিলা প্ৰশাসন,জিলা কৃষি বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে । নগাঁও জিলাৰ উপায়ুক্তৰ অধিসূচনাত অতিৰিক্ত উপায়ুক্ত,জিলা কৃষি বিষয়া আৰু ফাৰ্টিলাইজাৰ ন’ডেল বিষয়াকলৈ এখন জিলা পৰ্যায়ত আৰু কৃষি উন্নয়ন বিষয়াৰ লগতে চক্ৰ বিষয়াকলৈ চক্ৰ পৰ্যায়ত এক টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে । ইতিমধ্যে এই টাস্ক ফ’ৰ্চে কৃষি সামগ্ৰীৰ বিক্ৰীৰ দোকানত গৈ সকলো তথ্য তন্ন তন্নকৈ চোৱাৰ উপৰিও সামগ্ৰী সমূহৰ মানদণ্ডৰ দিশটো চকু দিছে ।
তদুপৰি ৰাইজৰ পৰা অহা আপত্তিৰ সংক্ৰান্তত নগাঁও জিলাৰ কৃষি বিষয়াই ছোট ৰূপহী অঞ্চলৰ কেইখনমান সাৰ বিক্ৰীৰ প্ৰতিষ্ঠান তদন্ত কৰিবলৈ মহকুমা কৃষি বিষয়া প্ৰেমেশ্বৰ নাথ আৰু জ্যেষ্ঠ কৃষি বিষয়া দিলীপ বৰাক দায়িত্ব দিছে বুলি জিলা কৃষি বিষয়া তৰুণ হাজৰিকাই আজি সংবাদ মাধ্যমক অৱগত কৰে । উক্ত তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত ছোট ৰূপহীৰ “বৰা লস্কৰ এগ্ৰ’ ষ্ট’ৰ” আৰু ইটাপাৰাৰ “চাহিদুল কিষাণ ফাৰ্টিলাইজাৰ” দোকানত বিসংগতি ধৰা পেলায় ।
উক্ত দোকান দুখনৰ অনুজ্ঞাপত্ৰ অনিৰ্দিষ্ট কালৰ বাবে নিলম্বিত কৰা হৈছে বুলি জিলা কৃষি বিষয়াই জানিবলৈ দিয়ে ।প্ৰসংগক্ৰমে জিলা কৃষি বিষয়াজনে সংবাদ মাধ্যমক কয় যে যোৱা ৮ ফেব্ৰুৱাৰীত নগাঁও আৰক্ষী নিবেশ প্ৰেক্ষাগৃহত অতিৰিক্ত উপায়ুক্ত শান্তনা বৰা,জিলা কৃষি বিষয়া, পৰিবহনকাৰী সংস্থাৰ লগত নগাঁও আৰক্ষী অধীক্ষকে এক বৈঠক অনুষ্ঠিত কৰি সকলো পক্ষৰ সহায় সহযোগত যাতে জিলাখনত কৃষক ৰাইজে সাৰ উপলব্ধ কৰিব পাৰে সেই আহ্বান জনাইছিল। জিলা কৃষি বিভাগে আইন নমনা সকলো কৃষি সামগ্ৰী বিক্ৰেতা প্ৰতিষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিয়ে ।
