নগাঁও চহৰৰ আমোলাপট্টিত দেওবাৰে নিশা বাহন চালকৰ দৌৰাত্মই আতংকৰ সৃষ্টি কৰে। এখন তীব্ৰবেগী বাহনে নিশা প্ৰায় ৯ বজাত আমোলাপট্টিৰ মুকুট শৰ্মা চাৰিআলিত আন এখন বাহনক খুন্দিয়াই থোৱাৰ লগতে কেইবাজনো লোকক পিষ্ট কৰাৰ চেষ্টা চলাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
AS02 AE 7987 নম্বৰৰ ট’য়টা গ্লেঞ্জা বাহনখনে তীব্ৰ বেগত আহি এখন গ্ৰেণ্ড আই টেন বাহনত খুন্দা মৰাত বাহনখনৰ চালকজন সামান্য পৰিমানে আহত হয়। আনহাতে প্ৰত্যক্ষদর্শীয়ে জানিবলৈ দিয়া মতে বাহনখনে আন কেইবাজনো লোককো মহতিয়াই নিয়াৰ চেষ্টা কৰে।
পিছত ঘটনা সন্দৰ্ভত যান-বাহন আৰক্ষীয়ে অভিযান চলাই চহৰখনৰ অভিজাত ব্যৱসায়ী নাহাতাৰ ঘৰৰ পৰা বাহনখন জব্দ কৰিবলৈ সক্ষম হয়। বাহনখন নাহাতাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰ জে এণ্ড ছনছৰ নামত পঞ্জীয়ন হৈ আছে। অৱশ্যে আৰক্ষীয়ে চালকজনক এতিয়াও আটক কৰিবলৈ সক্ষম হোৱা নাই। ঘটনা সন্দৰ্ভত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
