নগা আৰক্ষীৰ ওচৰত লজ্জানত হ’ল অসম আৰক্ষী

12

নগা আৰক্ষীৰ ওচৰত শিৰনত হ’ল অসম আৰক্ষীৰ। বুধবাৰে নিশা মেৰাপানী আৰক্ষী থানা এলেকাৰ দয়ালপুৰত বাইকত নিষিদ্ধ ড্ৰাগছ লৈ গৈ থকা অৱস্থাত দুই নগা যুৱকক আটক কৰিছিল স্থানীয় লোকে। তাৰ পাছতেই ঘটনাস্থলীত সীমান্তত নিয়োজিত ১৪২ নং চিআৰপিএফ বাহিনী উপস্থিত হৈ অসম আৰক্ষীৰ পৰিবৰ্তে খবৰ দিয়ে নাগালেণ্ড আৰক্ষীক। আশ্বৰ্য্যকৰ বিষয় যে, ড্ৰাগছসহ ধৰা পৰা ৰেঞ্চ কিকন নামৰ লোকজন নগা আৰক্ষীৰ জোৱান। নগা আৰক্ষীয়ে অসমভূমিত অসম আৰক্ষীৰ সন্মুখৰ পৰাই নাগালেণ্ডলৈ লৈ যায় অপৰাধী দুটাক। এই ঘটনাক কেন্দ্ৰ কৰি সীমান্তৰ অসমীয়া লোকসকল ক্ষোভিত হৈ পৰাৰ লগতে অসম আৰক্ষীৰ অসহায় ৰূপত লজ্জাবোধ কৰিছে ।