ধৰ্ষণকাৰীক আগতীয়াকৈ মুকলি কৰি দিয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে বিলকিছ বানোৱে। এই বছৰ এই ভুক্তভোগীৰ ১১ জন ধৰ্ষণকাৰীক আগতীয়াকৈ মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে। সেই ৰায়ৰ বিৰোধিতা কৰি বিলকিছ বানোৱে গোচৰ তৰিছে।
২০০২ চনৰ ফেব্ৰুৱাৰী মাহত গুজৰাটৰ হিংসাৰ সময়ত পাঁচ মাহৰ গৰ্ভৱতী ২১ বছৰীয়া বিলকিছ বানোক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। লগতে তেওঁৰ তিনি বছৰীয়া কন্যাক প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। বিলকিছৰ পৰিয়ালৰ আন সাতজন সদস্যৰ মৃত্যু হয়।
২০০৮ চনত আদালতে সেই কাণ্ডৰ ১১জন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছিল। চলিত বৰ্ষৰ ১৫ আগষ্টত অৰ্থাৎ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসত উচ্চতম ন্যায়ালয়ে বিলকিছ বানোৰ ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত হোৱাসকলক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে। তেতিয়াৰ পৰাই সমগ্ৰ দেশতে বিক্ষোভ আৰম্ভ হয়।
ইয়াৰ পূৰ্বে বিলকিছ বানো গোচৰৰ দোষীক মুক্তিৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি তিনিজন ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। ইয়াৰ ভিতৰত আছে চিপিএমৰ পলিটব্যুৰোৰ সদস্য সুবাসিনী আলী আৰু তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰ।
গোচৰীয়াসকলে এই প্ৰশ্ন উত্থাপন কৰিলে, কেন্দ্ৰৰ নিৰ্দেশ অবিহনে গুজৰাট চৰকাৰে এনে জঘন্য অপৰাধৰ দোষীক কেনেকৈ মুকলি কৰি দিলে? উচ্চতম ন্যায়ালয়ে গুজৰাট চৰকাৰক বিলকিছ বানো গোচৰৰ সকলো তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। নিৰ্দেশ অনুসৰি গুজৰাট চৰকাৰে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰিছে।
এই ঘটনাত কাৰ্যতঃ বাকৰুদ্ধ হৈ পৰিছিল বিলকিছ বানো। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিলকিছৰ স্বামী ইয়াকুব ৰছুলে কয়, ‘১৮ বছৰীয়া ন্যায়ৰ বাবে চলি থকা যুদ্ধখন ব্যৰ্থ হৈ পৰিছে। প্ৰথমতে মই বিশ্বাস কৰিব পৰা নাছিলো যে সেয়া হ’ব পাৰে। পিছত গম পালোঁ যে এই কথা সঁচা। চৰকাৰৰ এই সিদ্ধান্তই আমাৰ ১৮ বছৰীয়া সংগ্ৰামক নিমিষতে মিছা কৰি তুলিছে।”
ইফালে বিলকিছ ধৰ্ষণ কাণ্ডৰ দোষীসকল মুক্তিৰ পিছত গুজৰাটৰ ৰাধিকাপুৰ গাঁৱলৈ উভতি আহিছে। কেৱল সেয়াই নহয়, এই ঘটনাৰ অন্যতম মূল দোষী সাব্যস্ত হোৱা ধৰ্ষণকাৰীয়েও বিলকিছ বানোৰ পুৰণি ঘৰৰ সন্মুখত দোকান খুলি থকা দেখা গ’ল। এতিয়া বিলকিছ বানো গোচৰৰ এজন দোষীৰ সাক্ষাৎকাৰক লৈ নতুন হুলস্থুল। বিলকিছ বানোক ধৰ্ষণ কৰাৰ অপৰাধত ১৪ বছৰ কাৰাগাৰত কটাবলগীয়া হৈছিল গোবিন্দ নাইয়ে। সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত গোবিন্দই কয়, “আমি নিৰ্দোষী। আপুনি কেতিয়াবা ককা আৰু ভতিজাক ইজনে সিজনৰ সন্মুখত ধৰ্ষণ কৰা দেখিছেনে? হিন্দুৰ মাজত এই ধৰণৰ কথা হয়নে? নাই, নহয়।”
