ধৰ্মনিৰপেক্ষ দলসমূহে একত্ৰিত হৈ হিন্দুত্বৰ বিৰুদ্ধে থিয় দিব লাগিব আৰু বিজেপিৰ ৰণনীতিক প্ৰত্যাহ্বান জনাব লাগিবঃ আছদুদ্দিন ওৱেছী

61

নতুন দিল্লীঃ দেশত সঘনাই সংঘটিত হ’বলৈ ধৰা হিন্দু-মুছলমানৰ সংঘাতক লৈ সততে মাত মাতি আহিছে এআইএমআইএমৰ নেতা আছদুদ্দিন ওৱেছীয়ে। শেহতীয়াকৈ এই ঘটনাক লৈ নেতাগৰাকীয়ে শাসকীয় বিজেপি দলক আক্ৰমণ কৰি কয় যে ধৰ্মনিৰপেক্ষ দলসমূহে একত্ৰিত হৈ হিন্দুত্বৰ বিৰুদ্ধে থিয় দিব লাগিব আৰু বিজেপিৰ ৰণনীতিক প্ৰত্যাহ্বান জনাব লাগিব।

নিজৰ টুইটাৰ হেণ্ডেলৰ পৰা কৰা এটা টুইটত ওৱেছীয়ে লিখিছে, ‘ধৰ্ম নিৰপেক্ষ দলসমুহে মুছলমানবিৰোধূ স্থিতি গ্ৰহণ কৰিব নোৱাৰে আৰু আমি তেওঁলোকৰ পৰা নিৰপেক্ষ নিষ্ঠাৰ আশা কৰো। তেওঁলোকে হিন্দুত্বৰ বিৰুদ্ধে থিয় হ’ব লাগিব আৰু বিজেপিৰ ৰণনীতিক সক্ৰিয়ভাৱে প্ৰত্যাহ্বান জনাব লাগিব। ধৰ্মনিৰপেক্ষ দলবোৰৰ বৌদ্ধিক বেইমানীয়ে কেৱল হিন্দুত্বক শক্তিশালীয়ে কৰিব।’

উল্লেখ্য যে, ইয়াৰ পূৰ্বে দেশত তথাকথিত গো-ৰক্ষকৰ নামত সংখ্যালঘুৰ ওপৰত হোৱা আক্ৰমণক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল এআইএমআইএমৰ নেতা আছদুদ্দিন ওৱেছীয়ে। এক টুইটত ওৱেছীয়ে লিখিছিল যে গো-ৰক্ষকৰ আতংকই মুছলমান সকলৰ জীৱনলৈ ভাবুকিৰ সৃষ্টি কৰিছে। লগতে এনে দুস্কাৰ্য সংঘটিত কৰা অভিযুক্তক কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীয়ে মালা পিন্ধাই অভিনন্দন জনোৱা কাৰ্যকো কঠোৰ ভাষাৰে সমালোচনা কৰিছিল।

প্ৰণিধানযোগ্য যে, দুদিন পূৰ্বে ৰাজস্থানৰ ৰাজমলাত এজন ৫২ বৰ্ষীয় মুছলিম অট’ চালকৰ ৰাজপথত নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল কেইজনমান যুৱকে। গফৰ আহমেদ নামৰ অট’ চালক জনে এজাহাৰত উল্লেখ কৰা অনুসৰি তেওঁ ‘মোডী জিন্দাবাদ’ আৰু ‘জয় শ্ৰীৰাম’ ধ্বনি দিবলৈ অমান্তি হোৱাৰ বাবেই নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল হিন্দুত্ববাদী যুৱককেইজনে।