ৰাজ্যত সংঘটিত হৈছে ইটোৰ পিছত সিটো শিশু ধৰ্ষণ আৰু হত্যাকাণ্ড। নগাঁৱৰ চুমিলা ৰংহাংপী হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই এইবাৰ অনুৰূপ কাণ্ড সংঘটিত হল ধেমাজিৰ গোগামুখত।
ধেমাজিৰ গোগামুখত কোনো পাষণ্ডৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হল এগৰাকী কণমানিয়ে। জানিব পৰা মতে, ধেমাজিৰ গোগামুখ শংকৰদেৱ শিশু বিদ্যা নিকেটনত অধ্যয়নৰত ছাত্ৰী দ্বীপশিখা শইকীয়াক বুধবাৰে ঘৰত কোনো নথকাৰ সুযোগত ধৰ্ষণ কৰি গামোচাৰে ঘৰতে ওলোমাই থৈ যায় আৰু আত্মহত্যাৰ ৰূপ দিব চেষ্টা কৰে ধৰ্ষনকাৰীয়ে। এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। কণমানিজনীৰ হত্যাকাৰীক কৰায়ত্ব কৰি উচিত শাস্তি বিহাৰ দাবী জনাইছে ৰাইজে।