ধেমাজিত সাংবাদিক সংস্থাৰ সাধাৰণ সভা

127

ধেমাজি: সাংবাদিকসকলে সততে সন্মুখীন হৈ অহা নানান সমস্যা আৰু চৰকাৰে ৰূপায়ন কৰা অথচ আজিলৈকে কাৰ্যক্ষম নোহোৱা সাংবাদিকৰ জীৱন বীমা আঁচনিখনিৰ সন্দৰ্ভত আলোচনাৰ বাবে দেওবাৰে ধেমাজি জিলা সাংবাদিক সংস্থাৰ এখন সভা অসম-অৰুণাচলৰ সীমান্তবৰ্তী অঞ্চলৰ এক প্ৰাকৃতিক পৰিবেশস্থলী ডিমৌ নদীৰ পাৰত অনুষ্ঠিত হয়৷ ধেমাজি জিলা সাংবাদিক সংস্হাৰ সভাপতি অশ্বিনী কুমাৰ দুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ সভাপণ্ডিতে ৷

ধেমাজি জিলাখনৰ ধেমাজি , মাছখোৱা, চিলাপথাৰ , গোগামুখ আৰু জোনাই মুঠ ৫ টা প্ৰেছ ক্লাৱৰ ৩৬ গৰাকী সাংবাদিক সদস্যই অংশ গ্ৰহণ কৰা সাধাৰণ সভাত আজি পৰ্যন্ত সাংবাদিকসকলৰ বাবে কোনোধৰণৰ বীমা কাৰ্ডৰ ব্যৱস্থা নকৰাত চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয় আৰু এই বীমা কাৰ্ডৰ ব্যৱস্থা শীঘ্ৰেই কাৰ্যকৰী কৰিবলৈ দাবী জনায়। আনহাতে, ৰাজ্য চৰকাৰে ইতিমধ্যে পেঞ্চন ভোগী সকলক দি থকা ৮ হেজাৰ টকাৰ পেঞ্চন ২০ হেজাৰ টকালৈ বৃদ্ধি কৰা, কোভিডৰ সময়চোৱাত বিশেষভাৱে ক্ষতিগ্ৰস্ত হোৱা স্বীকৃতিপ্ৰাপ্ত/অস্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলক ১ লাখ টকাকৈ এককালীন অনুদান আগবঢ়োৱা ব্যৱস্থা কৰাৰো দাবী জনায় সাংবাদিকসকলে।