ধেমাজিত নৃশংক কাণ্ড সংঘটিত হৈছে৷ ধেমাজিত পথেৰে গৈ থকা দুগৰাকী ছাত্ৰীক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰাৰ ঘটনা সংঘটিত হৈছে। ধেমাজি চহৰৰ মাজ-মজিয়াত এনে হৃদয় বিদাৰক কাণ্ড সংঘটিত হৈছে৷ ধেমাজিৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত এই বৰ্বৰ ঘটনা সংঘটিত হৈছে৷ দাৰে ঘপিয়াই হত্যাৰ চেষ্টা দুগৰাকী কলেজীয়া ছাত্ৰীক।
প্ৰত্যক্ষদৰ্শীৰ মতে, ৰাস্তাৰে দুগৰাকী ছাত্ৰী গৈ থকা অৱস্থাত ৰিণ্টু শৰ্মা নামৰ লাইবেৰীয়ান জনে ছাত্ৰী দুগৰাকীক মাতি নি কথা পাতিবলৈ চেষ্টা কৰে৷ তেনে সময়তে ৰণ্টু শৰ্মাই এখন দাৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰে যুৱতীক।
আৰক্ষীৰ জালত পৰা যুৱকজনৰ ঘৰ ধেমাজি মৰিঢলত বুলি জানিব পৰা গৈছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰী দুগৰাকীক ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। তাৰে এগৰাকী অৱস্থা অতি গুৰুতৰ। ছাত্ৰী দুগৰাকী ধেমাজিৰ মৰিঢলত কলেজত অধ্যয়ণৰত।