আজি বিয়লি অহা এজাক বৰষুণ আৰু প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ধেমাজি নিলখৰ পিটি আৰন্ধৰা নামৰ এজন লোকৰ।
ৰাস্তাৰে নিজৰ মটৰচাইকেল চলাই আহোঁতে হঠাতে বৃহৎ গছ উভালি কাৰেণ্টৰ তাঁৰসহ লোকজনৰ ওপৰত পৰাত থিতাতে মৃত্যুমুখত পৰে লোকজন।
ধেমাজি নগৰৰ আৰক্ষী অধীক্ষকৰ আৱাস গৃহ তথা ধেমাজি প্ৰেছ ক্লাবৰ সন্মুখতে এই দুৰ্ঘটনা সংঘটিত হয়। লোকজনৰ বাইকৰ নম্বৰ আছিল AS 22 F2173।
উল্লেখ্য, উৎকট গৰমৰ পিছতেই আজি আবেলি কিছুসময় পূৰ্বে ধেমাজি নগৰত অহা প্ৰৱল বৃষ্টিপাত আৰু বতাহে বিভিন্ন ঠাইত ক্ষতিসাধন কৰিছে বুলি জানিবলৈ পোৱা গৈছে।
