ধেমাজি কাণ্ডক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়লৈ জাননী উচ্চতম ন্যায়ালয়ৰ

808

২০০৪ চনৰ ধেমাজি বোমা বিস্ফোৰণৰ দোষমুক্ত অভিযুক্তলৈ জাননী প্ৰেৰণ সৰ্বোচ্চ ন্যায়ালয়ৰ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে দোষমুক্ত কৰিছিল এই অভিযুক্তসকলক৷ ২০০৪ চনৰ ১৫ আগষ্টত সংঘটিত হৈছিল সেই জঘন্য হত্যাকাণ্ড৷ স্বাধীনতা দিবসৰ অনুষ্ঠানত বোমা বিস্ফোৰণ ঘটাইছিল আলফাই৷ সেই বিস্ফোৰণত ১০টা শিশু আৰু ৩ মহিলাৰ মৃত্যু হৈছিল৷ লগতে শিশুসহ অৰ্ধশতাধিক লোক গুৰুতৰভাৱে আহত হৈছিল৷

ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালতে ৬ অভিযুক্তক দোষী সাব্যস্ত কৰিছিল৷ ২০১৯ চনৰ ৪ জুলাইত সেই ৰায় দিছিল ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালতে৷ দিপাঞ্জলী বুঢ়াগোঁহাই, মুহী সন্দিকৈ, যতীন দুৱৰী, লীলা গগৈ, প্ৰশান্ত ভূঞা আৰু হেমেন গগৈক চাৰিবছৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছিল।

সেই ৰায়দানক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল তেওঁলোক৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিম্ন আদালতৰ ৰায় বাতিল কৰিছিল ২৪ আগষ্ট ২০২৩ত৷ কিন্তু শেহতীয়াকৈ সেই ৰায়ক প্ৰত্যাহ্বান জনাই সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ৰাজ্য চৰকাৰ৷ ৰাজ্য চৰকাৰৰ আবেদন শুকুৰবাৰে গ্ৰহণ কৰে সৰ্বোচ্চ ন্যায়ালয়ে আৰু সংশ্লিষ্ট পক্ষলৈ জাননী প্ৰেৰণ কৰে সৰ্বোচ্চ ন্যায়ালয়ে৷