ধুবুৰীৰ নাও দুৰ্ঘটনাত সন্ধানহীন চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ।
ঘটনাস্থলীৰ পৰা এক কিলোমিটাৰ নিলগত উদ্ধাৰ বিষয়াগৰাকীৰ মৃতদেহ।
উদ্ধাৰ অভিযানৰ চতুৰ্থ দিনা উদ্ধাৰ হ’ল মৃতদেহ।
উল্লেখ্য যে, যোৱা ২৯ ছেপ্টেম্বৰত ধুবুৰীৰ ব্ৰহ্মপুত্ৰত সংঘটিত হৈছিল ভয়ংকৰ নাও দুৰ্ঘটনা।
চক্ৰ বিষয়া সঞ্জু দাসৰ সৈতে আন কেইবাজনো লোক সন্ধানহীন হৈ আছিল ব্ৰহ্মপুত্ৰৰ বুকুত।
ঘটনাৰ ৭২ ঘণ্টাৰ পাছত উদ্ধাৰ চক্ৰ বিষয়াজনৰ মৃতদেহ।