কণ্টেইনমেণ্ট জ’নলৈ পৰিণত ধুবুৰীৰ আৱৰ্ত ভৱন, কোৰোণাত আক্ৰান্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া
ধুবুৰীৰ আৱৰ্ত ভৱন কণ্টেইনমেণ্ট জ’নলৈ পৰিণত। এজন আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াৰ দেহত কোভিড পজিটিভ ওলোৱাৰ পিছতে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ধুবুৰী জিলাৰ অসম-বংগ সীমান্তৰ ছাগলীয়াত কৰ্তব্যৰত আছিল বিষয়াজন। উক্ত ঘটনাৰ পিছত হুৱাদুৱা লাগিছে অৱৰ্ত ভৱনটোত কৰ্মৰত প্ৰায় ১৭ জনকৈ কৰ্মচাৰীৰ মাজত।
তাৎপৰ্যপূৰ্ণভাৱে ধুবুৰীৰ আৱৰ্ত ভৱনত তিনদিন পূৰ্বে অসম চৰকাৰ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম আৰু দুদিন পূৰ্বে মন্ত্ৰী ফণীভূষণ চৌধুৰীও আহিছিল। ইয়াৰ উপৰি জিলা প্ৰশাসনৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া ইয়াতেই স্থায়ীভাৱে থাকে।