ধুবুৰী আৰক্ষীয়ে শুকুৰবাৰে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।
ধুবুৰী জিলাৰ ৰাভাৰচোলা গাঁৱত এক তালাচী অভিযানত ২৭০ টা নিচাজাতীয় টেবলেট আৰু সন্দেহজনক ব্ৰাউন চুগাৰৰ তিনিটা পাত্ৰ জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে জনোৱা অনুসৰি আটকাধীন পেডেলাৰ দুজনক জাহিদুৰ ইছলাম আৰু চাহিদুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষীয়ে জনোৱা অনুসৰি, গোপন তথ্যৰ ভিত্তিত ভিলেজ ডিফেন্স পাৰ্টিৰ (ভিডিপি) সহায়ত আৰক্ষীয়ে অভিযান আৰম্ভ কৰে।
ফকিৰগঞ্জ আৰক্ষী থানাৰ এজন বিষয়া লোকমান আলীয়ে কয়, “গোপন তথ্যৰ ভিত্তিত আমি ৰাভাৰচোলা গাঁৱত ভিডিপিৰ সহায়ত অভিযান আৰম্ভ কৰিছিলো আৰু দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছিলো।”
“আমি ২৭ টা টেবলেটৰ পটি, তিনিটা ব্ৰাউন চুগাৰৰ পাত্ৰ আৰু ৩২,০০০ টকা নগদ ধন জব্দ কৰিছিলো। আমি তেওঁলোকক আদালতত হাজিৰ কৰিম,” তেওঁ লগতে কয়।