ধুবুুৰীৰ নাও দুৰ্ঘটনা! কামত গাফিলতিৰ অভিযোগত গ্ৰেপ্তাৰ দুই অভিযন্তাক

381

ধুবুৰীত সংঘটিত শোকাবহ নাও দুৰ্ঘটনাৰ পিছতে কৰ্মত গাফিলতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে দলং নিৰ্মাতা কোম্পানীৰ দুই অভিযন্তাক।

প্ৰশাসনৰ অভিযোগৰ ভিত্তিত শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা হয় এল এণ্ড টি কোম্পানীৰ অভিযন্তা ক্ৰমে ৰাজেশ কুমাৰ যাদৱ আৰু হৰিশ তিৱাৰীক।

উল্লখ্য যে, বৃহস্পতিবাৰে এখন নিৰ্মীয়মান দলঙৰ খুঁটাত খুন্দা মাৰি ব্ৰহ্মপুত্ৰৰ বুকুত বুৰ গৈছিল এখন নাও।

২৯ জন লোকে যাত্ৰা কৰা নাওখন ডুব যোৱাৰ পিছত ২৮ জনক উদ্ধাৰ কৰা হয় যদিও এতিয়াও সন্ধানহীন হৈয়েই আছে ধুবুৰী ৰাজহ চক্ৰ বিষয়া সঞ্জু দাস।

সন্ধানহীন হৈ থকা ৰাজহ চক্ৰ বিষয়াগৰাকীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে এছডিআৰএফ আৰু এনডিআৰএফ বাহিনীয়ে।