ধাৰাসাৰ বৰষুণত বোৰ গল ৰাজধানী দিল্লী-এনচিআৰ। দিল্লীৰ বিভিন্ন প্ৰান্তত দি থকা নেৰানেপেৰা বৰষুণৰ ফলত পানী জমা হৈ এক আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে। দিল্লীৰ পৰা গুৰুগ্ৰামলৈ চহৰখনৰ বহু ঠাইত পানী জমা হোৱাৰ বাবে যান-বাহন চলাচল ব্যাহত হৈ পৰিছে।
চিগনেচাৰ টাৱাৰ, মহাৰাণা প্ৰতাপ চক, চেক্টৰ 4, চেক্টৰ 10, চেক্টৰ 37, চেক্টৰ 40 ৰ দৰে অঞ্চলত পানী জমা হোৱাৰ সমস্যাই ৰাস্তাত তীব্ৰ যান-জঁটৰ সৃষ্টি কৰিছে। আইপিইউ, আইপি ইষ্টেট ব্ৰীজৰ ওচৰৰ ৰিং ৰোড, ধৌলা কুঁৱা আৰু ৰোহতক ৰোডতো কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে যান বাহন।
বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা মতে আগন্তুক ৪-৫ দিনলৈকে দিল্লীৰ বিভিন্ন এলেকাত ধাৰাসাৰ বৰষুণ দি থাকিব। ইফালে নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হব পৰা দুৰ্যোগ প্ৰতিহত কৰিবলৈ সাজু হৈ আছে প্ৰশাসন।
