Win prize trophy on wood table with background window.
সাংস্কৃতিক আড়ম্বৰপূৰ্ণ এক পৰিবেশত গুৱাহাটী কাহিলিপাৰাস্থিত ৰুদ্ৰ বৰুৱা প্রেক্ষাগৃহত ষষ্ঠদশ “নেবকছ-২০২৩” ৰাষ্ট্রীয় বঁটা প্রদান অনুষ্ঠান ১৪ মে’ত
সম্পন্ন হয়। ইয়াৰ লগত সংগতি ৰাখি নেবকছৰ আয়োজক কমিটিয়ে ‘ব’হাগী বিদায় মহোৎসব’ অনুষ্ঠান গাম্ভীৰ্যপুৰ্ণ পৰিবেশত অনুষ্ঠিত কৰি এই বেলি নেবকছ-২০২৩ শীর্ষক বঁটা সমূহ সমাজ আৰু সাংস্কৃতিক জগতখনলৈ বৰঙণি আগবঢ়োৱা ব্যক্তিসকলক নেবকছ-২০২৩ বঁটা সমুহ প্ৰদান কৰে। এইবেলি উক্ত বঁটাৰ বাবে মহানগৰীৰ ধাৰাপুৰ চাৰিআলিৰ বিশিষ্ট সমাজহিতৈষী তথা শিক্ষক ধীৰাজ চৌধুৰীক নিৰ্বাচিত কৰি নেবকাছ সন্থাই নেবকাছ-২০২৩ বঁটা প্ৰদান কৰে। সমাজ জীৱনৰ বাবে বিশেষ উত্তৰনৰ হৈ কাম কৰি যোৱা বাবে আক্লান্ত শ্রমিক ধীৰাজ চৌধুৰীক “সমাজ ৰত্ন” সন্মানৰে সন্মানিত কৰে। চৌধুৰীৰ এনে সাফল্যত পৰিয়ালবৰ্গ, শিক্ষক বন্ধু সমাজ, অঞ্চলবাসী ৰাইজ তথা বিভিন্ন দল সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে।
