গুৱাহাটীঃ কাৰবি লোকসকলৰ সমাজ জীৱনৰ নীতি নিয়মৰ ওপৰত আজি দেওবাৰে মহানগৰীৰ গড়চুক ধলবামা দেহাল থান প্ৰাঙ্গনত কাৰবি সংবিধান “আৰণ” উন্মোচন কৰা হয়। প্ৰথমে এখন সংবিধান ৰচনা কৰি উলিয়াইছিল যদিও সেইখন কিছু সংশোধনী কৰি আৰণৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰা হয়। এই ‘আৰণ’ৰ পৰা উঠি অহা যুৱক-যুৱতী সকলে বিয়াৰ নীতি নিয়মৰ লগতে কাৰবি লোকসকলৰ সমাজ জীৱনৰ ওপৰত বিভিন্ন নীতি নিয়মৰ কথা জানিব পাৰিব।
উন্মোচনী অনুষ্ঠানত কামৰূপ কাৰবি আদৰবাৰৰ সভাপতি দয়াৰাম কাঠাৰ, মিকিৰপাৰা চকৰদৌ পামহী গোগ কাৰবি বাংঠে অসমৰ সভাপতি সুগ্ৰীৱ বে, সম্পাদক বিপুল কাঠাৰ, আৰণৰ কোষাধ্যক্ষ কেষ্টৰাম ৰংপী, কাৰ্যকৰী সদস্য বলেশ্বৰ ৰংপীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে অঞ্চলটোৰ লোক সকল উপস্থিত থাকে।
