বৃহস্পতিবাৰে (২ নৱেম্বৰ) তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰাৰ বিৰুদ্ধে প্ৰশ্নৰ বিনিময়ত ধন লোৱাৰ অভিযোগ উত্থাপন কৰি নৈতিকতা সমিতিৰ বৈঠক অনুষ্ঠিত হয়। ইয়াৰ মাজতে বিৰাট হুলস্থুলৰ সৃষ্টি হয় আৰু বিৰোধী দলসমূহৰ সাংসদসকলে বৈঠকৰ পৰা ওলাই আহে। মহুৱা মৈত্ৰাইও বৈঠক ত্যাগ কৰে।
বিএছপিৰ সাংসদ দনিশ আলীয়ে অভিযোগ কৰে যে অধ্যক্ষ তথা বিজেপি সাংসদ বিনোদ কুমাৰ সোণকাৰে টিএমচিৰ সাংসদ মহুৱা মৈত্ৰাক অনৈতিক প্ৰশ্ন কৰিছে। ইয়াৰ বাবেই বৈঠকৰ সময়ত হুলস্থুলৰ সৃষ্টি হৈছিল।
কি ক’লে বিৰোধী সাংসদসকলে?
বৈঠকৰ পিছত যি ভিডিঅ’ প্ৰকাশ পাইছে, তাত বিৰোধী দলৰ সাংসদসকল অতি খঙাল মেজাজত ওলাই যোৱা দেখা গৈছে। কমিটীৰ সদস্য দনিছ আলীয়ে কয় যে ৰাতি কাৰ লগত কথা পাতিছিল বুলি সোধা হৈছে। কোনে কাৰ লগত কথা পাতে, কি কথা কয়…এই সকলোবোৰ সোধা হৈছিল। মহিলাগৰাকীক অনৈতিক প্ৰশ্ন কৰা হৈছিল।
কমিটীত ১৫ জন সদস্যৰ নাম আছে। তেওঁক বাছনি কৰিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই। ইয়াৰ পূৰ্বে মৈত্ৰাই নৈতিকতা সমিতিত অহৰহ পুনৰাবৃত্তি কৰি থকা বুলি সূত্ৰই জনাইছে যে এই সমগ্ৰ বিষয়টো তেওঁৰ ব্যক্তিগত। এই বিষয়ে কমিটীত আলোচনা কৰাৰ প্ৰয়োজন নাই। প্ৰশ্ন উত্থাপন কৰি মৈত্ৰাই কয় যে যদি ব্যক্তিগতভাৱে তেওঁৰ কোনোবা বন্ধুৰ পৰা উপহাৰ পায়, তেন্তে এই বিষয়টো কেনেকৈ নৈতিকতা সমিতিৰ সন্মুখত অনা হ’ব।
কি অভিযোগ?
শেহতীয়াকৈ বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই অভিযোগ কৰিছিল যে মৈত্ৰই লোকসভাত প্ৰশ্ন কৰিবলৈ ব্যৱসায়ী দৰ্শন হিৰণানন্দনীৰ পৰা ধন লৈছিল। লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ লিখা এখন পত্ৰত তেওঁ দাবী কৰে যে যোৱা কিছুদিনত মইত্ৰাই আদানী গ্ৰুপৰ সৈতে জড়িত ৬১টা প্ৰশ্নৰ ভিতৰত ৫০টা প্ৰশ্ন কৰিছিল।
কি ক’লে দৰ্শন হীৰানন্দনীয়ে?
নিশিকান্ত ডুবেৰ এই অভিযোগৰ পিছত পোহৰলৈ আহে দৰ্শন হিৰণানন্দনীৰ স্বাক্ষৰিত শপতনামা। ইয়াত হিৰণানন্দনীয়ে দাবী কৰে যে আদানী গ্ৰুপৰ গোচৰত প্ৰধানমন্ত্ৰী মোডীৰ ভাবমূৰ্তি কলংকিত কৰিবলৈ মৈত্ৰাই ধন লৈছিল। লগতে মৈত্ৰাক বহু উপহাৰ দিলে।
