গোলাঘাট জিলা কোঁচ-ৰাজবংশী সন্মিলনী, যুৱ ছাত্ৰ সন্মিলনীৰ উদ্যোগত নাওজানত আজি বীৰ চিলাৰায় দিৱস পালন কৰা হয়৷ নাওজান ৰাজহুৱা ভৱনত ৫১১ সংখ্যক বীৰ চিলাৰায় দিৱসৰ পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কৰা হয়৷ অনুষ্ঠানত পিছত ছাত্র-ছাত্ৰীৰ মাজত চিত্ৰাংকণ আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। বিয়লি ২ বজাত অনুষ্ঠিত মুকলি সভাত গণ-মান্য ব্যক্তিসকলৰ লগতে প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱালা উপস্থিত থাকে।
