ধনশিৰি মহকুমাৰ সৰুপথাৰত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন

145

ধনশিৰি মহকুমাৰ সৰুপথাৰত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন

সৰুপথাৰটো ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন । ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনছেংফা বৰুৱাই পতাকা উত্তোলন কৰে । পতাকা উত্তোলনৰ পিছতে অসম পুলিচ NCC স্কাউট এণ্ড গাইড আৰু বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰদৰ্শন কৰা কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে । সৰুপথাৰৰ ৰাজহুৱা খেলপথাৰত উদযাপন কৰা ৭৭ সংখ্যক স্বাধীনতা দিৱসত শ্বহীদ কুশল কোঁৱৰৰ পৰিয়ালৰ লগতে মুক্তিযোদ্ধা সকলক সম্বৰ্ধনা জনোৱা হয় । সমান্তৰালকৈ বিভিন্ন দিশত পাৰদৰ্শিতাৰে মহকুমাটোলৈ গৌৰৱ কঢ়িয়াই অনা কৃতিমান সকলকো সম্বৰ্ধনা জ্ঞাপন কৰে । ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন স্থলীত কুচকাৱাজৰ উপৰিও জাতি জনগোষ্ঠীয় দল সমূহে তেওঁলোকৰ কৃষ্টি প্ৰদৰ্শন কৰি এক মনোমোহা পৰিবেশৰ সৃষ্টি কৰে । সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনো উপস্থিত থাকে লগতে ধনশিৰিবাসীৰ সহযোগ এক উল্লেখ্যযোগ্য দিশ ।