ধনশিৰি মহকুমাৰ বৰপথাৰত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এগৰাকী মহিলাক আটক ।
বৰপথাৰ আৰক্ষীথানাৰ অন্তৰ্গত বিলগাঁও ৰেলৱে ষ্টেচনৰ পৰা ৰেল আৰক্ষীয়ে চাৰিটাকৈ পেকেটত ৪৩.৭৪ গ্ৰাম ড্ৰাগছসহ আটক কৰে এগৰাকী মহিলা সৰবৰাহকাৰী।
আটকাধীন মহিলা গৰাকী হৈছে অৰুণাচলৰ এলেন ৱানজ’ ।
জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৯ লক্ষ্যাধিক টকাৰ বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে ।
উজনিমুৱা যাত্ৰীবাহী ৰেলযোগে ডিমাপুৰৰ পৰা অৰুণাচললৈ ড্ৰাগছখিনি নি থকা অৱস্থাত বিলগাওঁ ৰেলৱে ষ্টেচনৰ পৰা
জব্দ কৰে ৰেল আৰক্ষীয়ে ।ইতিমধ্যে ঘটনাস্থলিত বোকাজান ৰে’ল আৰক্ষীয়ে ধৃত মহিলা গৰাকীক আটক কৰি সোধাপোচা অব্যাহত ৰাখিছে।
