দৰিদ্ৰ লোকৰ মাজত মাস্ক বিতৰণ ব্যৱসায়িক প্ৰতিষ্ঠান শ্বপ এন ছেইভৰ

63

ষ্টাফৰিপ’ৰ্টাৰ কৰ’নাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে জিলা প্ৰশাসনে প্ৰতিগৰাকী লোকৰ ক্ষেত্ৰত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে। কিন্তু জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশনাৰ পিছতো একাংশই মাস্ক পৰিধান কৰাৰ পৰা বিৰত থকা দেখিবলৈ পোৱা যায়। মাস্ক পৰিধান কৰি আৰু সমাজিক দূৰত্ব বজাই ৰাখি নিজকে সুৰক্ষিত কৰাৰ লগতে আনকো সুৰক্ষিত কৰি ৰাখিব পাৰি, এনে এক বার্তাৰে সকলোৰে মাজত সজাগতা অনাৰ চেষ্টাৰে মহানগৰীৰ উজানবজাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান শ্বপ এন ছেইভে সৰ্বসাধাৰণ ৰাইজৰ মাজত মাস্ক বিতৰণ কৰে। লতাশিল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনয় কলিতাৰ উপস্থিতিত যোৱা ৩১ জুলাইত উজান বজাৰৰ বিভিন্ন স্থানৰ লোকসকলৰ লগতে দৰিদ্ৰ লোকসকলৰ মাজত ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ স্বত্বাধিকাৰী ৰামগোপাল চুৰেকা আৰু গৌৰৱ চুৰেকাই মাস্ক বিতৰণ কৰে। এই সন্দৰ্ভত চুৰেকাই কয়”-উজানবজাৰৰ ছহেজাৰ লোকৰ মাজত মাস্ক বিতৰণ কৰে। উল্লেখ্য যে,ব্যৱসায়িক প্ৰতিষ্ঠান শ্বপ এন ছেইভে লকডাউনৰ সময়ছোৱাত বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। দৰিদ্ৰ লোকসকলক সকাহ দিয়াৰ বাবে বিভিন্ন সময়ত খাদ্য সামগ্ৰী যোগান ধৰি আহিছে।