দৰঙৰ দলগাঁও আৰক্ষীৰ বৃহৎ সফলতা ৷ ৰাইফল সহ আটক দুজন চোৰাংচিকাৰীক । ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰাৰ উদ্দেশ্যে প্ৰৱেশ কৰাৰ সময়তে চোৰাং চিকাৰী দুজনক কছাৰীভেটিটোপ গাঁৱৰ পৰা পুৱতি নিশা আটক কৰে আৰক্ষীয়ে৷ আটক আব্দুল মতিন(বিশ্বনাথ চাৰিআলি) আৰু ছামছুদ্দিন(নগাঁও) ৷ আৰক্ষীয়ে চোৰাংচিকাৰী দুজনৰ পৰা এটা •303″ ৰাইফলৰ সৈতে ১৪ জাঁই গুলী উদ্ধাৰ কৰে৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰাৰ উদ্দেশ্যে আহিছিল চোৰাং চিকাৰী দুজন।
