দৰঙত পুখুৰীত পৰি সলিল সমাধি দুই কণমানি ভগ্নীৰ

147

দেওবাৰে দৰং জিলাত পুখুৰীত পৰি দুগৰাকী কণমানি ভগ্নীৰ মৃত্যু হয়।

প্ৰাপ্ত তথ্য অনুসৰি, চিমামুৰীয়া ভকতপাৰা অঞ্চলত মাছ ধৰাৰ বাবে পুখুৰীটোলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা।

নিহত কণমানি দুটিক ছিলচিনা মাৰাক আৰু মাৰ্টিনা মাৰাক বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ পিছতে পুখুৰীটোৰ পৰা উদ্ধাৰ কৰা হয় দুয়োটা মৃতদেহ।

লগতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

চলিত মাহৰ আৰম্ভণিতে অসমৰ বৰপেটা জিলাৰ এটা পুখুৰীত উটি গৈছিল এটি তিনি বছৰীয়া শিশু।

এই ঘটনাৰ খবৰ আহিছে জিলাখনৰ আলোপতি গাঁৱৰ পৰা।

সূত্ৰ অনুসৰি, ওচৰ-চুবুৰীয়াত খেলি থাকোঁতে দুৰ্ঘটনাগ্ৰস্তভাৱে পুখুৰীত পৰি শিশুটিৰ মৃত্যু হয়।