দৰঙত পত্নীৰ ওপৰত এচিড আক্ৰমণ পাষাণ স্বামীৰ

270

দৰঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পত্নীক এচিডেৰে আক্ৰমণ কৰিলে স্বামীয়ে।

জিলাখনৰ খাৰুপেটীয়া অঞ্চলৰ ৰামনগৰত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, পাৰিবাৰিক বিবাদৰ বাবেই অমৰ ধৰ নামৰ অভিযুক্ত স্বামীয়ে এই জঘন্য অপৰাধ সংঘটিত কৰে।

ঘটনাৰ পিছতে মহিলাগৰাকীক চিকিৎসাৰ বাবে ওচৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

পিছত স্থানীয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত স্বামীক। তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।