দৰং জিলাৰ দলগাওঁ থানাৰ অন্তৰ্গত গৰাখাটৰ নুৰজামাল ঘৰত নথকাৰ সুযোগ লৈ পৰিয়ালক আক্ৰমণ

173

দৰং জিলাৰ দলগাওঁ থানাৰ অন্তৰ্গত
গৰাখাটৰ নুৰজামালৰ পৰিয়ালক
যোৱা ইংৰাজী ৩১/০৮/২২ (বুধবাৰ)তাৰিখে নুৰজামাল ঘৰত নথকাৰ সুযোগ লৈ হানিফ আলী আক্ৰাম,আৱাল,আৰু লোকমান আলিৰ এটি দলে নুৰজামালৰ পৰিয়ালক দা, লাঠি, হাতত লৈ চুকা অস্ত্ৰৰে আক্ৰমণ কৰে আৰু নুৰজামালৰ মাতৃসহ কেইবাজনো ব্যক্তি আঘাত প্ৰাপ্ত হয়। উল্লেখ্য এই যে নুৰজামালে ছামছুল হুদাৰ পৰা মাটি খিনী কিনি লৈছিল কিন্তু ছামছুল হুদাৰ ভাইয়েকে নুৰজামালে নিজে কিনি লোৱা মাটিৰ পৰা খেদি পঠোৱাৰ বাবে চেষ্টা চলাই নুৰজামাল ঘৰত নথকাৰ সুযোগ লৈ নুৰজামালৰ পৰিয়ালক আক্ৰমণ কৰিছে বুলি জানিবলৈ দিয়ে। আক্ৰমণ হোৱা নুৰজামালৰ পৰিয়াল উন্নত চিকিৎসাৰ বাবে গুৱাহাটী জি.এম.ছিত ভৰ্ত্তি কৰে আৰু এই সন্দৰ্ভত দলগাঁও থানাত এখন এজাহাৰ দিয়ে নুৰজামালে আৰু উচিত তদন্তৰ বাবে প্ৰশাসনক আহ্বান জনাই । প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া পৰৱৰ্তী সময়ত হব লক্ষণীয়।