দ্ৰুতবেগী বাহনৰ খুন্দাত নিহত ৩ শ্ৰমিক

125

এক শোকাৱহ ঘটনাত বুধবাৰে ডিব্ৰুগড় জিলাত তীব্ৰবেগী বাহনৰ খুন্দাত নিহত হয় তিনিজন লোক।

জিলাখনৰ জয়পুৰ নতুন আলি পথত সংঘটিত হৈছে এই ঘটনা।

নিহত লোক কেইজন লাহোৱালৰ বাসিন্দা বিক্ৰম মহলী, লক্ষী পাটৰ আৰু নিৰ্মল দাস বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি, তেওঁলোক তিনিওজন দৈনিক মজুৰিৰ শ্ৰমিক আছিল আৰু পথৰ কাষত ৰৈ থকাৰ সময়তে তীব্ৰবেগী এখন বাহনে তেওঁলোকক মহতিয়াই নিয়ে।

ইয়াৰে এজনৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন দুজনক অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসাৰ সময়ত আঘাতপ্ৰাপ্ত হৈ মৃত্যুমুখত পৰে।

ইফালে ক্ষুব্ধ স্থানীয় লোকে গাড়ীখনৰ চালকক কৰায়ত্ব কৰি আৰক্ষীৰ হাতত গতাই দিয়ে।

জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত চালকজন মদ্যপান কৰা অৱস্থাত আছিল।