দ্ৰুতগতিত বাঢ়িছে কোৰোনা সংক্ৰমণ, দিল্লী চৰকাৰলৈ জাননী SC ৰ

49

ডিজিটেল ডেস্কঃ দিল্লীত দ্ৰুতগতিত বৃদ্ধি পোৱা ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে সোমবাৰে গ্ৰহণ কৰে শুনানি। উচ্চতম ন্যায়ালয়ে কয় যে, বিগত কিছুসময়ত ক’ৰোনাৰ বাবে দিল্লীৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে, এইক্ষেত্ৰত দিল্লী চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই বিষয়ে বিস্তাৰিতভাৱে প্ৰতিবেদন দিব লাগে।

উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা দিল্লী চৰকাৰক তিনিদিনৰ সময় বান্ধি দিয়া হৈছে আৰু সম্পূৰ্ণ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে। দিল্লীৰ উপৰি মহাৰাষ্ট্ৰ চৰকাৰকো এই সন্দৰ্ভত প্ৰতিবেদন দিবলৈ কোৱা হৈছে।

আদালতত শুনানিৰ সময়ত ন্যায়াধীশ অশোক ভূষণে কয় যে দিল্লীৰ পৰিস্থিতি বেয়াৰ ফালে ঢাল খাই আছে। আদালতত কেন্দ্ৰৰ তৰফৰ পৰা কোৱা হয় যে এয়া কেৱল কেন্দ্ৰ-দিল্লীৰ বিষয় নহয়। ১৫ নৱেম্বৰত কেন্দ্ৰ তৰফৰ পৰা গৃহমন্ত্ৰীয়ে কিছু নিৰ্দেশ দিছে, কিন্তু দিল্লী চৰকাৰে এতিয়াৰ পৰাই কাম কৰাৰ প্ৰয়োজন। আদালতে কয় যে, যদি ৰাজ্যখনত এতিয়াই প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা নহয়, তেন্তে ডিচেম্বৰলৈ পৰিস্থিতিৰ অধিক অৱনতি ঘটিব।