ভাৰতৰ নাইটিংগল সৰোজিনী নাইডুৰ ওপজা দিনত ভাৰতবৰ্ষই পালন কৰে ৰাষ্ট্ৰীয় নাৰী দিৱস । প্ৰতিবছৰে ১৩ ফেব্ৰুৱাৰী দিনটো উদযাপন কৰা হয় ৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে । ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল সৰোজিনী নাইডু স্বকীয় বৈশিষ্ট্যৰে পৰিচিত এগৰাকী মহিলা। এগৰাকী স্বাধীনতা সংগ্ৰামীৰ উপৰিও সৰোজিনী নাইডু তেখেতৰ সাহিত্যকৰ্মৰ বাবেও বিশ্ব বিশ্ৰুত । এইগৰাকী মহান ব্যক্তিৰ শনিবাৰে ১৪২ সংখ্যক জন্মবাৰ্ষিকী উদযাপন কৰে দেশে । ৰবীন্দ্ৰনাথ ঠাকুৰ, জৱাহৰলাল নেহৰুৰ দৰে ব্যক্তি তেওঁৰ কবিতাৰ গুণমুগ্ধ আছিল । সৰোজিনী নাইডুৰ সুন্দৰ কাব্যিক প্ৰতিভাই আকৰ্ষিত কৰে সকলোকে । তেখেতৰ গ্ৰন্থ ‘গ’ল্ডেন থ্ৰেছল্ড’ বাবে তেখেতক ‘বুল বোলে হিন্দ’ নামেৰে সন্মানিত কৰা হয় । তেখেতৰ অন্য কেইখনমান গ্ৰন্থ হৈছে- ‘দ্য বাৰ্ড অৱ টাইমচ’, ‘দ্য ব্ৰকেন উইংচ’, ‘দ্য মেজিক ট্ৰী’ ইত্যাদি ।
