দেশজুৰি চৰ্চা লাভ কৰা দ্য কাশ্মিৰী ফাইলছৰ পৰিচালক বিবেক অগ্নিহোত্ৰীলৈ ৱাই প্লাছ নিৰাপত্তা।
গৃহ মন্ত্ৰালয়ে সুৰক্ষাজনিত কাৰণত প্ৰদান কৰিছে এই ৱাই শ্ৰেণীৰ নিৰাপত্তা।
এতিয়াৰে পৰা ৮ গৰাকী চি আৰ পি এফ জোৱানে অনবৰতে সুৰক্ষা দিব বিবেক অগ্নিহোত্ৰীক।
পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে দাবী কৰিছিল যে ছবিখনৰ মুক্তিৰ পিছত তেওঁৰ জীৱনৰ প্ৰতি চৰম ভাবুকি আহিছিল।
উল্লেখ্য যে কাশ্মিৰী পণ্ডিতৰ ওপৰত ৯০ৰ দশকত চলা নিৰ্যাতন আৰু গণহত্যাৰ আধাৰত নিৰ্মাণ কৰা হৈছে দ্য কাশ্মিৰী ফাইলছ।
ছবিখন ৰাজনৈতিকভাৱেও যথেষ্ট চৰ্চিত হৈছে।
বিশেষকৈ বিজেপিয়ে ছবিখনক লৈ ৰাজনীতি আৰম্ভ কৰা পৰিলক্ষিত হৈছে।
