দ্বিতীয় বাৰৰ বাবে বিপুল ভোটত জয়ী হ’ল মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ। জয়ী হোৱাটো নিশ্চিত হোৱাৰ পাছতে সমষ্টিৰ ৰাইজক ধন্যবাদ জনালে বিধায়কজনে । সমষ্টিৰ যুৱক-যুৱতীৰ সকলৰ সংস্থাপনৰ বাবে কাম কৰাৰ লগতে , সমষ্টিৰ সামগ্ৰীক উন্নয়নৰ বাবে কাম কৰাৰ কথা ক’লে বিধায়ক জনে । উল্লেখ যে বিধায়ক জনৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সৃষ্টি হৈছিল যদিও চক্ৰধৰ গগৈ দ্বিতীয় বাৰৰ বাবে বিধায়ক হিচাপে জয়ী হোৱাত মৰাণৰ দলীয় কৰ্মী সকলৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে ।
