দেৱালীৰ সময়ত গুৱাহাটীত সুৰা বিক্ৰীৰ অভিলেখ; দুদিনত ৭ কোটি টকাৰ সুৰা বিক্ৰী

78

গুৱাহাটীঃ কোভিড-১৯ সৃষ্ট পৰিস্থিতিৰ মাজতে দেৱালীৰ সময়ত মহানগৰীত সুৰাৰ বিক্ৰিয়ে অভিলেখ গঢ়িছে। বাতৰি অনুসৰি, মহানগৰীত ৪ আৰু ৫ নৱেম্বৰত দেৱালী উপলক্ষে ৫ কোটি টকাৰ সুৰা বিক্ৰী হয়।

গুৱাহাটীত বিক্ৰী হয় ৫,০১,৩২,০০০ টকাৰ ভাৰতীয় নিৰ্মিত বিদেশী সুৰা (আইএমএফএল)। যাৰ ভিতৰত ২,৫৬,৭০,০০০ টকাৰ আইএমএফএল ৪ নৱেম্বৰত বিক্ৰী কৰা হয়, আনহাতে ৫ নৱেম্বৰত ২,৪৪,৬২,০০০ টকাৰ সুৰা বিক্ৰী হয়।

খবৰ অনুসৰি, দেৱালীৰ এদিন আগতে অৰ্থাৎ বুধবাৰে চহৰখনত সুৰাৰ চাহিদা বৃদ্ধি পাইছিল আৰু পিছদিনা দেৱালীৰ সন্ধিয়া চাহিদা শীৰ্ষত উপনীত হয়।

বৃহস্পতিবাৰে কিছুমান সুৰাৰ দোকান সন্ধিয়া লৈকে চলিছিল বুলিও খবৰ পোৱা গৈছিল। অৱশ্যে, সংশ্লিষ্ট বিভাগে দোকানবোৰ চিনাক্ত কৰিব নোৱাৰিলে।

ইফালে, কেৱল সুৰাই দেৱালীৰ সময়ত শিৰোনাম দখল কৰাই নহয়, সমান্তৰালভাৱে দুৰ্ঘটনাও বৃদ্ধি পায়।

দীপাৱলী উৎসৱৰ দুদিনীয়া (৪ আৰু ৫ নৱেম্বৰ, ২০২১) সময়ত, অসমত ২৪২ টা পথ যান-বাহন দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছিল। ইয়াৰ ভিতৰত, শোনিতপুৰ জিলাত সৰ্বাধিক ১৯টা পথ যান-বাহন দুৰ্ঘটনা সংঘটিত হয় আৰু তাৰ পিছত ধেমাজিত ৭ টা ঘটনা সংঘটিত হয়।

কামৰূপত এনে ধৰণৰ ১৫ টা দুৰ্ঘটনা সংঘটিত হয়; গোলাঘাট আৰু মৰিগাঁৱত ১৪ টাকৈ; নগাঁও, মাজুলী আৰু তিনিচুকীয়াত ১২ টাকৈ; কাছাৰ আৰু নলবাৰীত প্ৰত্যেকে ১১ টা; বাক্সাত ১০ টা; কামৰূপ (এম) আৰু দৰংত ৯টাকৈ; বৰপেটা, গোৱালপাৰা, যোৰহাট আৰু শিৱসাগৰত আঠটাকৈ, বঙাইগাঁও আৰু লখিমপুৰত সাতটাকৈ; ডিব্ৰুগড় আৰু কৰিমগঞ্জত পাঁচটাকৈ; চিৰাং, কাৰ্বি আংলং আৰু ওদালগুৰিত চাৰিটাকৈ; কোকৰাঝাৰত তিনিটা; ধুবুৰীত দুটাকৈ, ডিমা হাচাও আৰু হাইলাকান্দিত এটাকৈ পথ দুৰ্ঘটনা সংঘটিত হয়।

সূত্ৰ অনুসৰি, ৪ নৱেম্বৰত ৰাজ্যখনত সৰ্বাধিক ১২৯ টা গোচৰ ৰুজু কৰা হৈছিল আনহাতে ৫ নৱেম্বৰত ৰাজ্যখনত ১১৩ টা দুৰ্ঘটনাৰ গোচৰ ৰুজু হয়।