দেৱালীৰ সন্ধিয়া নুমলীগড়ত উত্তপ্ত পৰিস্থিতি, ৰহস্যজনকভাৱে উদ্ধাৰ যুৱকৰ মৃতদেহ

90

দেশজুৰি দিপাৱলী উদযাপনৰ মাজতে বৃহস্পতিবাৰে সন্ধিয়া নুমলীগড়ৰ সমীপৰ মহুৰামুখ ১নং গৰৈমাৰীত সংঘটিত হল এক চাঞ্চল্যকৰ ঘটনা। নুমলীগড়ৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ১নং গৰৈমাৰী গাঁৱত সীমান্ত হাজৰিকা নামৰ এজন যুৱকে তেওঁৰ দোকানৰ সমীপতে দোকান দিয়া আন এজন মাছ বেপাৰীক মাৰপিট কৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। অঞ্চলটোৰ একাংশ লোকে এই ঘটনাৰ পিছত সীমান্ত হাজৰিকাৰ দোকান ভাঙি লণ্ড ভণ্ড কৰাৰ পিছত পৰিস্থিতিয়ে চৰম ৰূপ ধাৰণ কৰে।

ইফালে ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলায় যদিও পৰিস্থিতি অধিক উত্তপ্ত হোৱাত বাধ্য হৈ আৰক্ষীয়ে খুমটাই, দেৰগাঁও, বোকাখাত আৰক্ষীৰ সহায় বিচাৰি যোগাযোগ কৰে। পিছত ঘটনাস্থলীত সকলো কেইখন থানাৰ আৰক্ষী উপস্থিত হোৱাৰ উপৰিও বোকাখাত মহকুমাৰ দণ্ডাধীশ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হয়।

কিন্তু এই ঘটনাৰ কিছু সময় পিছতে ৰহস্যজনকভাবে ঘটনাস্থলীৰ পৰা নাতিদূৰৈত থকা এটা পুখুৰীত উদ্ধাৰ হয় সীমান্ত হাজৰিকাৰ মৃতদেহ। যুৱকজনৰ দেহত আঘাতৰ চিন স্পষ্ট থকালৈ চাই এয়া হত্যাকাণ্ড বুলি সন্দেহ কৰিছে একাংশ লোকে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।