গুৱাহাটীঃ দেৱালী উদযাপনৰ পূৰ্বে অসম আৰক্ষীয়ে জুৱাখেলত জড়িত থকাৰ অভিযোগত গুৱাহাটী মহানগৰৰ পৰা দুজন ব্যক্তিক আটক কৰে।
অসম আৰক্ষীয়ে ৰাজ্যখনত দেৱালী উদযাপনৰ প্ৰাকক্ষণত জুৱাখেলৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযান কালতে গুৱাহাটীত জুৱাৰ ঘাটি চলোৱা দুজন লোকক আটক কৰে। ধৃত জুৱাৰী দুজনৰ এজনক প্ৰফুল্ল মুৰাৰী বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষীয়ে আটক কৰা জুৱাৰী দুজনৰ পৰা দুটা মোবাইল ফোন, নগদ ধনৰ লগতে জুৱাৰ সামগ্ৰী জব্দ কৰে।
উল্লেখ্য যে, যোৱা বছৰ দেৱালীৰ প্ৰাকক্ষণত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ৩০ জনৰো অধিক জুৱাৰীক আটক কৰিছিল আৰক্ষীয়ে।
