দেৱালীলৈ মাজত মাথোঁ কেইটামান দিন বাকী

8

দীপাৱলীলৈ মাজত মাথো কেইটামান দিন বাকী থকাৰ সময়তে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মৃৎশিল্পী সকলে মাটিৰ চাকি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। মৃৎ শিল্পত কুশলী এই লোকসকলক ‘কুম্ভকাৰ’ নামেৰেও জনা যায়। থলুৱা শিল্পীসকলে দিনে-নিশাই বৰ্তমান হাজাৰ-হাজাৰ মাটিৰ চাকি তৈয়াৰ কৰিছে । দীপাৱলীত চীনা সামগ্ৰী, লাইট আদিক প্ৰত্যাহ্বান জনাবলৈ থলুৱা শিল্পীসকলে মাটিৰ চাকি প্ৰস্তুত কৰি বজাৰ বিক্ৰীৰ বাবে সাজু কৰিছে ৷ সাধাৰণতে বছৰৰ আন সময়ছোৱাতকৈ দেৱালীৰ সময়ত মাটিৰ চাকি, ধূনাবাটিৰ চাহিদা অধিক হাৰত হোৱা দেখা যায় ।কিন্তু ৰাজ্যৰ বজাৰত চীনকে ধৰি ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ৰঙবিৰঙৰ চাকিৰ লগতে লাইটেৰে বজাৰ ভৰি পৰাৰ বাবে মৃৎশিল্পী সকলে মাটিৰে তৈয়াৰ কৰা চাকিৰ সমাদৰ কমিছে ৷ ফলত পূৰ্বৰ দৰে এই মৃৎশিল্পী সকলে বনোৱা চাকিৰ বিক্ৰীও কম হৈ আহিছে।মৃৎ শিল্পীসকলৰ মতে, পূৰ্বত তুলনাত মাটিৰ সামগ্ৰীৰ বিক্ৰীৰ হাৰ বজাৰত যথেষ্ঠ কমিছে। যাৰ বাবে পৰিয়াল পোহপালন কৰাত কষ্টৰ সন্মুখীন হৈছে।