দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত ধিং এক্সপ্ৰেছ হিমা দাস…

254

আজি দেৰগাঁৱত অৱস্থিত অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত হয় ধিং এক্সপ্ৰেছ তথা ডিএছপি হিমা দাস৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ খ্যাতি অৰ্জন কৰাৰ বাবে অসম আৰক্ষীৰ ডিএছপি পদত নিযুক্তি লাভ কৰাৰ পাছত প্ৰথম বাৰৰ বাবে দেৰগাঁৱৰ অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত হয় অসমৰ বিশিষ্ট খেলুৱৈগৰাকী৷

মহাবিদ্যালয়খনত উপস্থিত হোৱাৰ পিছতেই ডিএছপি তথা অসমৰ বিশিষ্ট ক্ৰীড়াবিদ হিমা দাসক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰি আদৰণি জনাই মহাবিদ্যালয়খনৰ অধ্যক্ষ দেৱাশীষ শৰ্মাই৷

আনহাতে মহাবিদ্যালয়খনত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা নৱনিযুক্ত অসম আৰক্ষীৰ ২১৪৮ গৰাকী জোৱানক উদ্দেশ্যি এক গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে বিশিষ্ট খেলুৱৈ তথা আৰক্ষী বিষয়া গৰাকীয়ে৷ লগতে উক্ত ভাষণৰ মাজতে তেওঁ জোৱানসকলক উদ্দেশ্যি এক বিশেষ ঘোষণা কৰে যাৰ বাবে আনন্দিত হৈ পৰে আৰক্ষী জোৱানসকল৷ তেওঁ কয় যে অসম আৰক্ষীৰ দক্ষ খেলুৱৈ সকলক একত্ৰিত কৰি শীঘ্ৰেই গঠন কৰা হ’ব এটি নতুন এথেলেটিকছ দল৷ ৰাজ্যখনৰ ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ নিৰ্দেশ অনুসৰি অতি সোনকালে গঠন কৰা হ’ব এই দলটো৷

আনহাতে অসম গৌৰৱ বিশিষ্ট দৌৰবিদ, ধিং এক্সপ্ৰেছ হিমা দাসক সন্মুখত পাই আনন্দিত হৈ পৰে প্ৰশিক্ষণপ্ৰাপ্ত অসম আৰক্ষীৰ জোৱান সকল৷