কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাইৰ দাবীত আজি দেৰগাঁও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ লগতে স্থানীয় ৰাইজে দেৰগাঁৱত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে অংশ লোৱা প্ৰতিবাদী সভাত চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলা দেখা যায়।
