দেশৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচিত দ্ৰৌপদী মুৰ্মু

101

দেশৰ প্ৰথমগৰাকী আদিবাসী মহিলা ৰাষ্ট্ৰপতি হিচাপে ইতিহাস ৰচিবলৈ সক্ষম হ’ল ওড়িশাৰ কন্যা দ্ৰৌপদী মুৰ্মুৱে। প্ৰয়োজনীয় ৫০ শতাংশৰো অধিক ভোট লাভ কৰি দেশৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে বিজয় নিশ্চিত কৰিলে মুৰ্মুৱে।

ইপিনে আদিবাসী কন্যা দ্ৰৌপদী মুৰ্মুৰ বিজয়ৰ পিছতে আনন্দৰ ঢল উঠিছে তেওঁৰ জন্মভূমিৰ লগতে সমগ্ৰ দেশত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নড্ডাই ইতিমধ্যে মুৰ্মুক সাক্ষাৎ কৰি অভিনন্দন জ্ঞাপন কৰিছে। ৰাহুল গান্ধীকে ধৰি বিৰোধী কেইবাগৰাকী নেতাইও অভিনন্দন জনাইছে দ্ৰৌপদী মুৰ্মুক।

দেশৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা মুৰ্মুক অভিনন্দন জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে টুইটাৰত লিখিছে-“দ্ৰৌপদী মুৰ্মু জী এগৰাকী ব্যতিক্ৰমী বিধায়ক আৰু মন্ত্ৰী হৈ আহিছে। ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে তেওঁৰ উৎকৃষ্ট কাৰ্যকাল সম্পন্ন কৰিছিল। মই নিশ্চিত যে তেওঁ ৰাষ্ট্ৰপতি হিচাপে ভাৰতৰ উন্নয়নৰ যাত্ৰা শক্তিশালী কৰিব আৰু সন্মুখৰ পৰা নেতৃত্ব দিব।”

ইফালে ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী দলৰ প্ৰাৰ্থী যশৱন্ত সিনহাইও দ্ৰৌপদী মুৰ্মুক জয়ৰ বাবে অভিনন্দন জনাইছে। সিনহাই কয়, “ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ বাবে মই দ্ৰৌপদী মুৰ্মুক আন্তৰিক অভিনন্দন জনাইছো। মই আশা কৰিছো আৰু সঁচাকৈয়ে প্ৰতিজন ভাৰতীয়ই আশা কৰিছো যে দেশৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে কোনো ধৰণৰ ভয় আৰু অনুগ্ৰহ নোহোৱাকৈ তেওঁ সংবিধানৰ ৰক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিব।”

ৰাষ্ট্ৰপতি পদৰ দৌৰত বিজয় নিশ্চিত কৰা “ওড়িশাৰ কন্যা” দ্ৰৌপদী মুৰ্মুৰ গৃহ চহৰ ৰাইৰাংপুৰকে ধৰি সমগ্ৰ ৰাজ্যতে এক উদযাপনৰ পৰিৱেশৰ সৃষ্টি হৈছে। ময়ুৰভঞ্জ জিলাৰ ৰাইৰাংপুৰ চহৰৰ মুৰ্মুৰ বাসগৃহৰ বাহিৰত সমবেত হৈ জনজাতীয় সংগীতত নৃত্য কৰে অগণন লোকে।

উল্লেখ্য যে, বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ ভোটগণনাত প্ৰথম ৰাউণ্ডৰ পৰাই বিজয় নিশ্চিত হৈ পৰিছিল দ্ৰৌপদী মুৰ্মুৰ। মুৰ্মু দেশৰ দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিব। ইয়াৰ পূৰ্বে প্ৰতিভা সিং পাটিল আছিল আনগৰাকী মহিলা ৰাষ্ট্ৰপতি।