দেশৰ সাতখন চহৰত পুনৰ লকডাউন ঘোষণা

75

দেশত ভয়াবহ হৈ পৰিছে কোৰোনা পৰিস্থিতি। মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰত অনিয়ন্ত্ৰিত হৈ পৰা কোৰোনা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সাত খনকৈ চহৰত পুনৰ এবাৰ লকডাউন ঘোষণা কৰা হৈছে।

মধ্যপ্ৰদেশত দেওবাৰে এদিনৰ বাবে লক ডাউন ঘোষণা কৰা হৈছে। ভূপাল, ইণ্ডোৰ, জবলপুৰ, বেতুল, চিন্দোৱাৰ, ৰতলম আৰু খাৰগণেত লকডাউন ঘোষণা কৰা হৈছে। এই সময় চোৱাত চহৰ কেইখনৰ সকলো দোকান পোহাৰ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে। আনহাতে বিবাহ, অন্তিম সংস্কাৰ আদি অনুষ্ঠানৰ বাবেও জাৰি কৰা হৈছে নিৰ্দেশনা। বিবাহ অনুষ্ঠানত ৫০ জনতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব।