দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিৰূপে দৌপদী মুৰ্মু নিৰ্বাচিত হোৱাত উৎফুল্লত বিজেপি

223

দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিৰূপে দৌপদী মুৰ্মু নিৰ্বাচিত হোৱাত উৎফুল্লতা বিজেপিৰ । বিজনী চহৰখনত বিজয় ৰেলিৰে আনন্দ–উল্লাস দলটোৰ স্থানীয় নেতা–কৰ্মীৰ

বিজেপি নেতৃত্বাধীন শাসকীয় এনডিএ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হোৱাটো নিশ্চিত হৈ পৰাৰ পিছত আজি বিয়লিৰ ফালে বিজনী স্থিত বিজেপিৰ জিলা কাৰ্য্যালয়ত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। আনকি আনন্দত উৎফুল্লিত বিজেপিৰ স্থানীয় কাৰ্য্যকৰ্তা আৰু সমৰ্থকসকলে ‘বন্দে মাতৰম’, ‘ভাৰত মাতা কী জয়’, ‘‘দ্ৰৌপদী মুৰ্মূ জিন্দাবাদ আদি ধ্বনিৰে বিজনী ৰাজপথত এক বিশাল সমদলো উলিয়ায় আজিৰ সেই সমদলটোত বিজেপিৰ স্থানীয় বিভিন্ন বিষয়ববীয়াকৈ ধৰি বিজনীৰ বিধায়ক অজয় কুমাৰ ৰয় , উপস্থিত থাকে ।