দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ মাতৃৰ বিয়োগ

81

দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ সহধৰ্মিনী শান্তি গগৈৰ আজি পুৱা দিল্লীৰ এখন চিকিৎসালয়ত মৃ্ত্যু ঘটে। বিশিষ্ট সমাজসেৱিকা শান্তি গগৈৰ বিয়োগৰ সময়ত বয়স আছিল ৯৫ বছৰ। অসম লেখিকা সমাৰোহৰ লগতো ওতঃপ্ৰতঃভাৱে জড়িত শান্তি গগৈৰ বিয়োগত শোক ব্যক্ত কৰিছে বিভিন্নজনে। তেওঁৰ নশ্বৰ দেহ আজি দিল্লীৰ পৰা নিজ বাসগৃহলৈ অনা হব।